June 18, 2024 8:12 PM

ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাছিৰ ষ্টেপান অৱজ্ঞান স্মাৰক ২০২৪ ডবা প্রতিযোগিতাৰ খিতাপ

ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাছিয়ে এটা ৰাউণ্ড খেলিবলৈ বাকী থকা অৱস্থাতে আৰমেনিয়াৰ জেৰমুকত অনুষ্ঠিত ষ্টেপান অৱজ্ঞান স্মাৰক ২০২৪ ডবা প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। তেলেংগানাৰ ২০ বছৰীয়া খেলুৱৈগৰাকীয়ে ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ ভ'ল'ডাৰ মাৰ্জিনক পৰাস্ত কৰে।

June 18, 2024 8:09 PM

নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ

পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত কালি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ হৈছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱে প্ৰকাশ কৰা মতে, অবধ আসাম এক্সপ্ৰেছ ৰেলগাড়ীখনৰ নামনিমুৱা সেৱা আজি পুৱা ৭.৩০ বজাত পুনৰ আৰম্ভ কৰা হৈছে। ৰেলপথছোৱাৰে কালিয়েই উজনিমুৱা স...

June 18, 2024 8:05 PM

বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন কৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বৰ্ষৰ লগত সংগতি ৰাখি এই লোক আদালতৰ আয়োজন কৰা হৈছে।

June 18, 2024 7:50 PM

পৰৱৰ্তী ২-৩ দিনলৈ অসম, মেঘালয় আৰু পশ্চিমবংগৰ হিমালয়ৰ দাতিকাষৰীয়া অঞ্চলসমূহত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু পশ্চিমবংগৰ হিমালয়ৰ দাতিকাষৰীয়া অঞ্চলসমূহত পৰৱৰ্তী ২-৩ দিনলৈ ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত দাক্ষিণাত্যতো বিজুলী থেৰেকণীৰে ধুমুহা বৰষুণ হব পাৰে বুলি কোৱা হৈছে। বিভাগে লগতে উত্তৰ ভাৰতৰ ভালেমান ঠাইত পৰৱৰ্তী ২৪ ঘণ্টালৈ গ্ৰ...

June 18, 2024 7:47 PM

views 1

বিশ্ব প্রসিদ্ধ চলচ্চিত্র নির্মাতা বিনোদ গনাত্রাক নেলচন মেণ্ডেলা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত

বিশ্ব প্রসিদ্ধ চলচ্চিত্র নির্মাতা বিনোদ গনাত্রাক চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে দক্ষিণ আফ্ৰিকাৰ নেলচন মেণ্ডেলা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছে। বিনোদ গনাত্ৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় । তেওঁক শিশুৰ চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সপ্তম নেলচন মেণ্ডেলা চলচ্চিত্র মহোৎসৱত এ...

June 18, 2024 7:44 PM

দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি

নতুন দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত এটা অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি কৰিছে। সশস্ত্র বাহিনীৰ চিকিৎসা সেৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ বেংক স্থাপন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে, সেনাবাহিনীত কৰ্মৰত সৈনিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ গুৰুতৰভাৱ...

June 18, 2024 7:42 PM

ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় অর্থব্যৱস্থাৰূপে গঢ় দিয়াত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় অর্থব্যৱস্থাৰূপে গঢ় দিয়াত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু দেশৰ কৃষকসকলৰ আয় বৃদ্ধিৰ বিষয়টো তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় হৈ থাকিব। উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত এটা অনুষ্ঠানত প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্ত...

June 18, 2024 6:48 PM

ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে চি বি আইৰ হাতত দায়িত্ব অৰ্পণৰ বাবে মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্রযোগে আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আই আই টি খড়গপুৰৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত তিনিচুকীয়াৰ কচুজানৰ ছাত্ৰ ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে বিষয়টোৰ তদন্ত চি বি আইৰ হাতত অৰ্পণ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক পত্রযোগে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মা...

June 18, 2024 6:45 PM

প্রধানমন্ত্রী মোদীয়ে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিয়ে। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হ...

June 18, 2024 6:28 PM

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় সজাগতা সভা

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত আজি গাঁওপ্ৰধানৰ উদ্যোগত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত উপস্থিত থকা বিভিন্নজনে বাল্য বিবাহৰ অপকাৰিতা, চৰকাৰী আইন, বাল্য বিবাহ প্রতিবোধ সম্পর্কত ভাষণ দিয়ে। অনুষ্ঠানটোত অঞ্চলটোব শতাধিক পুৰুষ-মহিলাই অংশ...