June 19, 2024 8:45 PM

দিল্লীত জলসংকটৰ পৰিপ্ৰেক্ষিতত পানী বিতৰণ কেন্দ্ৰত জনসাধাৰণৰ ভিৰ

দিল্লীত জলসংকট অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰখনৰ জনসাধাৰণে পানী বিতৰণ কেন্দ্ৰসমূহত গোট খাইছে। ৰাজধানী নগৰখনৰ বাসিন্দাসকলে পানী বিতৰণ কেন্দ্ৰসমূহৰ পৰা প্লাষ্টিকৰ যতন আৰু বাল্টিৰে পানী সংগ্ৰহৰ বাবে গোট খোৱা দেখা গৈছে। দিল্লী মহানগৰৰ বিভিন্ন এলেকা যেনে - সংগম বিহাৰ, মেহৰুলি, বসন্ত বিহাৰ, ওখলা, বসন্ত...

June 19, 2024 8:41 PM

অৰুণাচল প্ৰদেশত নেৰানেপেৰাকৈ প্ৰৱল বৰষুণ অব্যাহত

বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত নেৰানেপেৰাকৈ প্ৰৱল বৰষুণ অব্যাহত আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ পূব কামেং, পাপুমপাৰে আৰু ল'ৱাৰ দিবাং ভেলী জিলাত ৰেড এলার্ট জাৰি কৰিছে। একেদৰে ৯ খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু বাকী জিলা কেইখনত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। কাৰছিংছা এলেকাত হঠাৎ অহা বানে ৪১৫ নম্...

June 19, 2024 8:36 PM

নালান্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জ্ঞানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৰাজগীৰত সুষমা স্বৰাজ প্ৰেক্ষাগৃহত নালান্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি অনুষ্ঠানত সমবেত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজক সম্বোধন কৰি দিয়া ভাষণত শ্রীমোদীয়ে কয় যে, ...

June 19, 2024 12:53 PM

কালিৰে পৰা নিউ জলপাইগুৰি ষ্টেছনৰ ৰেলপথছোৱাৰে স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ

পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত সংঘটিত ৰেল দুৰ্ঘটনাৰ পাছত ৰেলপথছোৱাৰে কালি স্বাভাৱিক ৰেল চলাচল আৰম্ভ হৈছে। উত্তৰ পূৱ সীমান্ত ৰেলৱে প্ৰকাশ কৰা মতে, ৰেলপথছোৱাৰে নামনিমুৱা সেৱা কালি পুৱা চাৰে সাত বজাত পুনৰ আৰম্ভ কৰা হৈছে। অবধ আসাম এক্সপ্ৰেছ ৰেলগাড়ীখন এই পথছোৱাৰে প্ৰায় ১০ ব...

June 19, 2024 12:51 PM

অমিত শ্বাহ আৰু জে পি নাড্ডাৰ সভাপতিত্বত মহাৰাষ্ট্ৰ বিজেপি কোৰ কমিটীৰ বৈঠক অনুষ্ঠিত

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত কালি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত মহাৰাষ্ট্ৰ বিজেপি কোৰ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, কেন্দ্রীয় মন্ত্রী ভূপেন্দ্ৰ যাদৱ, অশ্বিনী বৈষ...

June 19, 2024 12:49 PM

ৰাজনাথ সিঙৰ বাসগৃহত বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নতুন দিল্লীস্থিত বাসগৃহত কালি বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্রী মনোহৰ লাল, ধর্মেন্দ্ৰ প্ৰধান, কিৰেন ৰিজিজু, ডাঃ এছ জয়শংকৰ আৰু চিৰাগ পাছৱানে এই বৈঠকত অংশগ্ৰহণ কৰে। ২৪ জুনত আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশ...

June 19, 2024 12:47 PM

ৰাহুল গান্ধীৰ কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ কৰিছে। শ্রীগান্ধী পদত্যাগ পত্র লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি গ্ৰহণ কৰে । কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কালি কৈছিল যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বেৰেলি আসনখন নিজৰ হাতত ৰাখিব আৰু ৱায়নাড আসনখন ত্যাগ কৰিব। নতুন দিল্লীত সাংবাদিক...

June 19, 2024 12:46 PM

কালিৰে পৰা ডাকঘৰ আইন, ২০২৩ প্ৰযোজ্য

ডাকঘৰ আইন, ২০২৩ কালিৰে পৰা প্ৰযোজ্য হৈছে। এই আইনখনে ১৮৯৮ চনৰ ভাৰতীয় ডাকঘৰ আইনৰ ঠাই লৈছে। নতুন আইনখন অনুসৰি চৰকাৰে দেশৰ সুৰক্ষা আৰু ৰাজহুৱা শৃংখলাকে ধৰি কেতবোৰ বিশেষ কাৰণত ভাৰতীয় ডাক বিভাগৰ জৰিয়তে প্ৰেৰণ কৰা যিকোনো সামগ্ৰী গন্তব্যস্থান গৈ পোৱাৰ আগতে বাধা প্ৰদান কৰিব পাৰিব। জৰুৰীকালীন অৱস্থাত অথবা ...

June 19, 2024 12:35 PM

আজিৰে পৰা আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ খেলসমূহ আৰম্ভ

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। এই পৰ্যায়ৰ আটাইকেইখন খেল ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুঠ আঠটা দলে এই পর্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। দলসমূহক দুট...

June 19, 2024 12:32 PM

বিশ্ব এথলেটিকছ কণ্টিনেণ্টেণ্ট গোল্ড ট্যুৰ প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ সোণৰ পদক অৰ্জন

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ টুকুত অনুষ্ঠিত বিশ্ব এথলেটিকছ কণ্টিনেণ্টেণ্ট গোল্ড ট্যুৰ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত সোণৰ পদক অৰ্জন কৰিছে। নীৰজে যোৱা নিশা ৮৩ দশমিক ৬-২ মিটাৰলৈ যাঠি নিক্ষেপ কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰে। পাছত খেলুৱৈগৰাকীয়ে তৃতীয় প্ৰচেষ্টাত ৮৫ দশমিক ৯-৭ ...