June 20, 2024 8:27 PM

নীট পৰীক্ষাত অনিয়মক লৈ চৰকাৰক কৰা আক্ৰমণৰ বাবে ৰাহুল গান্ধীক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে নীট পৰীক্ষাত অনিয়ম হোৱা বুলি উঠা অভিযোগক লৈ চৰকাৰক আক্ৰমণ কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত সুধাংশু ত্রিবেদীয়ে কয় যে, শ্রী গান্ধীয়ে বিষয়টো লৈ ৰাজনীতি কৰিছে আৰু লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে তেওঁৰ কোনো সম্পর্ক ন...

June 20, 2024 8:23 PM

নীট-ইউ জিৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় গোচৰৰ শুনানিত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষা নীট-ইউ জিৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় গোচৰৰ শুনানিত স্থগিতাদেশ দিয়ে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই দাখিল কৰা গোচৰ স্থানান্তৰৰ আবেদনৰ শুনানি...

June 20, 2024 8:21 PM

দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে জম্মু কাশ্মীৰত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে জম্মু কাশ্মীৰত উপস্থিত হৈছে। শ্ৰীমোদীয়ে কাইলৈ শ্ৰীনগৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাক সম্বোধন কৰিব। শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন চৌহদত আয়োজিত যোগাসনৰ এই কাৰ্যস...

June 20, 2024 7:54 PM

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত আফগানিস্তানৰ মুখামুখি

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি বাৰবাডোছৰ ব্ৰিছটাউনত হ'বলগীয়া ছুপাৰ এইট পৰ্যায়ৰ খেলত ভাৰত আফগানিস্তানৰ মুখামুখি হ'ব। খেলখন খন্তেক পিছতে আৰম্ভ হ'ব। ইপিনে, ভাৰতীয় সময় অনুসৰি আজি পুৱা ছেইণ্ট লুছিয়াত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত কৰে।...

June 20, 2024 7:50 PM

পৰিবহন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠকত

ৰাজ্যৰ নৱনিযুক্ত পৰিবহন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত বিভাগটোৰ শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত পৰিবহন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা পৰিবহন মন্ত্ৰী শ্ৰীমহন্তই বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লোৱাৰ লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয়। বৈঠকত মন্ত্ৰ...

June 20, 2024 7:49 PM

দিছপুৰত আজি কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ লগত ডাঃ ৰণোজ পেগুৰ বৈঠক

কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চুক্তি অনুসৰি কাৰ্বি আংলঙৰ বাহিৰৰ কাৰ্বি জনগোষ্ঠীয় গাঁও আৰু লোকসকলৰ কল্যাণৰ বাবে এখন পৰিষদ গঠন ...

June 20, 2024 7:46 PM

লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত

আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু...

June 20, 2024 7:44 PM

মঙলদৈত আজি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ মঙলদৈত নির্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ বিভিন্ন দিশ পর্যালোচনা কৰে। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্য অহা বছৰৰ ভিতৰত শেষ হ'ব বুলি আশা প্রকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰ...

June 20, 2024 7:42 PM

আজিৰেপৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে আজিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০...

June 20, 2024 7:41 PM

কৃষকৰ উৎপাদিত ১৪ বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উৎপাদিত ১৪ বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰাত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্রদেশে ধন্যবাদ জ্ঞাপন কৰিছে। বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্র সুভাষ দত্তই বিবৃতিযোগে কয় যে শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ দ্বাৰা কৃষকসকল উপকৃত হ'ব। তেওঁ লগতে কয় যে এই আ...