June 27, 2024 6:51 PM

আকাশবাণী গুৱাহাটী আৰু আঞ্চলিক বাতৰি বিভাগৰ প্রতিষ্ঠা দিৱসৰ সংগতি ৰাখি বাতৰি পৰিবেশনৰ প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ’ বাণীবদ্ধ কৰি নিজৰ ...

June 27, 2024 6:49 PM

নগাঁৱত অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বিভিন্ন ৰাজ্যৰ লগতে অসমৰ নগাঁৱতো অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত হ’ব। ৬ দিনীয়াকৈ আয়োজন কৰা বিশেষ লোক আদালতত দ্রুত আপোচ আৰু বিবাদ নিষ্পত্তি, চূড়ান্ত আৰু কাৰ্যকৰী নিষ্পত্তি, কম খৰচত বিবাদ নিষ্পত্তি, আদালতৰ মাচুল ঘূৰাই দিয়া আদি বিষয়সমূহত গুৰুত্ব ...

June 27, 2024 6:47 PM

নাগালেণ্ডত অনুষ্ঠিত নগৰীয়া নিগম নিকায়ৰ নিৰ্বাচনত ৮৩.৫৪ শতাংশ ভোটদান

নাগালেণ্ডত কালি অনুষ্ঠিত নগৰীয়া নিগম নিকায়ৰ নিৰ্বাচনত ৮৩.৫৪ শতাংশ ভোটদান হয়। ৰাজ্যখনৰ তিনিখন পৌৰসভা আৰু ২১ খন জিলা পৰিষদৰ বাবে এই নির্বাচন অনুষ্ঠিত হৈছিল। ২০ বছৰৰ বিৰতিৰ পাছত অনুষ্ঠিত এই নিৰ্বাচনত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰা হৈছিল। নিৰ্বাচনত ২১৪ টা ৱাৰ্ডৰ ৪২০ টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছ...

June 27, 2024 6:45 PM

টি-২০ বিশ্বকাপত আজি নিশা দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ভাৰতে এতিয়ালৈকে আটাইকেইখন খেলতে জয়লাভ কৰিছে। ত্রিনিদা...

June 27, 2024 12:01 PM

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক বাৰ্ধক্যজনিত সমস্যাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ত ভৰ্তি কৰোৱা হৈছে। বার্ধক্যজনিত সমস্যাৰ বাবে নেতা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৯৬ বছৰীয়া শ্ৰী আদৱানীক বাৰ্ধক্যজনিত ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে। এইমছৰ বিষয়াই প্ৰকাশ কৰা মতে প্রবীণ নেতাগৰাক...

June 27, 2024 12:00 PM

দেশত পহিলা জুলাইৰ পৰা প্ৰযোজ্য হ’ব তিনিখন নতুন ফৌজদাৰী আইন

নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ পহিলা জুলাইৰ পৰা প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছে। নতুন আইন তিনিখন ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। সকলোৰে বাবে সুলভ, সহা...

June 27, 2024 11:58 AM

চৰকাৰে ভাৰতক এখন ড্ৰাগছমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে দৃঢ়ভাৱে কাম কৰি আছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি কয় যে চৰকাৰে ভাৰতক এখন ড্ৰাগছমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে দৃঢ়ভাৱে কাম কৰি আছে আৰু চৰকাৰ এই লক্ষ্যত উপনীত হোৱাৰ দিশত আগবাঢ়িছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰীশ্বাহে কয় যে চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত 'তলৰ পৰা ওপৰলৈ আৰু ওপৰৰ পৰা তললৈ পদ...

June 27, 2024 11:57 AM

আকাশবাণীযোগে ৩০ জুনত প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্ব...

June 27, 2024 11:55 AM

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুটচ উইলম’ৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত আবদ্ধ

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুটচ উইলম’ৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র (আই এছ এছ)ত আবদ্ধ হৈ আছে। অভিযন্তাসকলে তেওঁলোকক পুনৰ পৃথিৱীলৈ লৈ আহিব পৰা বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখন ঠিক কৰাৰ কাম অব্যাহত ৰাখিছে। বিগত ৬ জুনত মহাকাশ কেন্দ্ৰটোত উপস্থিত হোৱা মহাকাশচাৰীসকলে তাত আঠ দিন কটোৱাৰ কথা আছিল। ...

June 27, 2024 11:53 AM

আকাশবাণী গুৱাহাটী আৰু আঞ্চলিক বাতৰি বিভাগৰ প্রতিষ্ঠা দিৱস উপলক্ষে বাতৰি পৰিৱেশন প্রতিযোগিতা

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিৱেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ’ বাণীবদ্ধ কৰি নিজৰ ন...