September 18, 2024 12:15 PM

দেশত স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ, আকাশবাণী গুৱাহাটীতো চাফাই কাৰ্যসূচী

সমগ্ৰ দেশতে স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হৈছে। আকাশবাণী গুৱাহাটীয়েও স্বচ্ছতা সেৱা অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰ্যালয়ে দেশজুৰি স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে। এইবাৰৰ এই অভিযানৰ বিষয়বস্তু হৈছে স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা...

September 18, 2024 12:13 PM

মিজোৰামত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথেৰে যাতায়াত ব্যাহত

মিজোৰামত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথসমূহেৰে যাতায়াত ব্যৱস্থা অতি বেয়াকৈ ক্ষতিগ্রস্ত হৈছে। পাহাৰীয়া ৰাজ্যখনলৈ অত্যাৱশ্যকীয় খাদ্যসামগ্রী, ইন্ধন আদি সৰবৰাহৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে। ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা মাহত হোৱা বান আৰু ভূমিস্খলনৰ ফলত ২১ আগষ্টৰ প...

September 18, 2024 12:12 PM

অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত ত্ৰুটি উলিয়াবলৈ একাংশ লোক ব্যস্তঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম প্রত্যক্ষ নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকা ৰূপত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ বিপৰীতে একাংশ লোকে ভিত্তিহীনভাৱে এই পৰীক্ষাত ত্রুটি উলিয়াবলৈ ব্যস্ত হৈ থকা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে উৎসর্গিকৃত মনোভাৱেৰে এই কাম সম্পন্ন কৰ...

September 18, 2024 12:10 PM

এপিএছচিৰ অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামাৰ ভিত্তিত ২৩জন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতৰ অভিযোগ গ্ৰহণ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত কালি বিশেষ ন্যায়াধীশৰ আদালতে ২৩ জন অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰে। আদালতে অভিযোগনামাত নাম অন্তর্ভুক্ত নোহোৱা ৯ জন বিষয়াৰ বিৰুদ্ধেও নিজাববীয়াকৈ অভিযোগ গ্রহণ কৰিছে। উল্লেখযোগ্য যে লোকসেৱা আয়ো...

September 18, 2024 12:09 PM

নতুন দিল্লীত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এন পি এছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত এন পি এছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ প্ৰচাৰ-পত্ৰিকা উন্মোচনৰ লগতে নতুন নাবালক উপভোক্তাসকলক স্থায়ী অৱসৰ একাউণ্ট নম্বৰ (প্রাণ) কাৰ্ড বিতৰণ কৰিব। শিশু উপভোক্তাসকলক প্ৰাণ কাৰ্ডৰ জৰিয়...

September 18, 2024 12:07 PM

দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ চলাব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কার্য চলাব পৰা নাযাব বুলি এটা অন্তৰ্ৱৰ্তী আদেশ জাৰি কৰিছে। বিভিন্ন ৰাজ্যত এনেধৰণৰ উচ্ছেদ কাৰ্য সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে এই আদেশ জাৰি কৰে। অৱশ্যে ৰাজহুৱা পথ, পদপথ, ৰে'লপথ আৰু জলাশয়কে ধৰি অন্য ৰাজহুৱা স্থান...

September 18, 2024 12:04 PM

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আৰম্ভ

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ২৪টা সমষ্টিৰ বাবে ভোটগ্রহণ আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যখনত মুঠ ৯০টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। অহা ২৫ ছেপ্তেম্বৰত ২৬টা সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ হোৱাৰ লগতে ১ অক্টোবৰত ৪০টা সমষ্টিৰ বাবে তৃতীয় ভো...

September 18, 2024 12:03 PM

লখিমপুৰত কাইলৈ অৰুণোদয় আৰু এনএফএছ এক্টৰ হিতাধিকাৰীয়ে লাভ কৰা ৰেচন কাৰ্ডৰ উদ্বোধনী অনুষ্ঠান

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অতিৰিক্ত আয়ুক্ত কোকিলা গগৈয়ে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ অধীনৰ হিতাধিকাৰীসকলৰ নতুনকৈ ৰেচন কার্ড লাভ কৰা কার্যসূচী সম্বন্ধে এখন সংবাদমেল আয়োজন কৰে। কাইলৈ দিনৰ ১১ বজাত কেন্দ্রীয়ভাৱে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ হিতাধিকাৰীয়ে লাভ ...

September 18, 2024 12:00 PM

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যত ভিন্ন কার্যসূচী ৰূপায়ণ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালি দেশৰ বিভিন্ন প্রান্তৰ লগতে অসমতো ভিন্ন কার্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ অংশ হিচাপে মৰিগাঁও জিলাৰ জাগীৰোডৰ ধৰমতুলত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হয়। কেন্দ্রীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ উদ্যোগত ধৰমতুলৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষ...

September 18, 2024 11:58 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে ২১ ছেপ্টেম্বৰত ৱাশ্বিংটনৰ ডেলাৱেৰত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিবলৈ সন্মতি প্রকাশ...