July 9, 2024 12:16 PM

উইম্বলডন টেনিছত ছাৰ্বিয়াৰ ন’ভাক জক’ভিছ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেইলৰ ফ্ৰীটজ কোৱাৰ্টাৰ ফাইনেলত

উইম্বলডন টেনিছ প্রতিযোগিতাত কালি পুৰুষৰ ছিংগলছৰ ত্ৰয়োদশ বাছনিপ্ৰাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ টেইলৰ ফ্ৰীটজে চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে খেলখনত ৬-৪, ৭-৬, ৪-৬, ৬-৭, ৩-৬ ছেটত বিজয় অৰ্জন কৰে। ইপিনে...

July 9, 2024 12:12 PM

ৰাজ্যত ২৭খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত, ৭২গৰাকী লোকৰ মৃত্যু

ৰাজ্যত এইপর্যন্ত বানত মহিলা-শিশুসহ ৭২ গৰাকী লোকৰ মৃত্যু হৈছে৷ শেহতীয়া তথ্য অনুসৰি ২৭ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ ১১টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ১০০খনৰো অধিক গাঁও প্লাৱিত হৈ আছে। বিশেষকৈ শিৱসাগৰ, কামৰূপ, ডিব্ৰুগড়...

July 9, 2024 12:10 PM

ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’বঃ পীযূষ হাজৰিকা

ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব। দিছপুৰত কালি অনুষ্ঠিত জলসম্পদ বিভাগৰ এখন গুৰুত্বপূর্ণ বৈঠকত বিভাগীয় মন্ত্রী পীযূষ হাজৰিকাই এই সন্দৰ্ভত অনুমোদন পোৱা বুলি প্ৰকাশ কৰে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাসকল উপস্থিত থকা এই বৈঠকত শেহতীয়াকৈ বানত ছিগা আৰু ক্ষতিগ্রস্ত মথাউৰিসমূহ খৰ...

July 9, 2024 12:08 PM

সাম্প্রতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অন্ন সেৱাৰ দিন ১৫ জুলাইলৈ বৃদ্ধি

সাম্প্রতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অন্ন সেৱাৰ দিন অহা ১৫ জুলাইলৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিমাহে ১ৰ পৰা ১০ তাৰিখলৈ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলক বিনামূলীয়া চাউল প্ৰদান কৰি আহিছে। এই দিনকেইটাক অন্ন সেৱা দিন হিচাপে প...

July 9, 2024 12:06 PM

গুৱাহাটীত উত্তৰ-পূবৰ শক্তিমন্ত্রী তথা গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালৰ বৈঠক

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে আজি গুৱাহাটীত উত্তৰ-পূবৰ শক্তিমন্ত্রী তথা গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগৰ মন্ত্ৰীসকলৰ সৈতে দুখন সুকীয়া বৈঠকত মিলিত হ'ব। ইটানগৰৰ পৰা আহি কালি বিয...

July 9, 2024 12:03 PM

গুবাহাটীত কাইলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কার্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক...

July 9, 2024 12:01 PM

ৰাজ্যত ‘সম্পূর্ণতা অভিযান’ৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্...

July 8, 2024 8:50 PM

অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলৰ বাবে চৰকাৰৰ দূৰসংযোগ বিভাগৰ সংস্কাৰ সাধনৰ কথা ঘোষণা

অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলে যাতে নিৰৱচিন্নভাৱে মোবাইল সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে চৰকাৰে দূৰসংযোগ বিভাগৰ সংস্কাৰ সাধনৰ কথা ঘোষণা কৰিছে। দূৰ সংযোগ বিভাগে মুখ্য দূৰসংযোগ সেৱা প্রদানকাৰী সংস্থা, এয়াৰটেল, বি এছ এন এল আৰু ৰিলায়েন্স জিঅ' সৈতে অংশীদাৰিত্বৰ সহায়েৰে সংস্কাৰ সাধনৰ ব্যৱস্থা ক...

July 8, 2024 8:47 PM

চলিত বছৰত এতিয়ালৈকে ৩৭৮ লাখ হেক্টৰতকৈ অধিক কৃষিভূমি খাৰিফ শস্য ৰোপন

চলিত বছৰত এতিয়ালৈকে ৩৭৮ লাখ হেক্টৰতকৈ অধিক কৃষিভূমি খাৰিফ শস্য ৰোপন কৰা হৈছে। যোৱা বছৰৰ একে সময়তে ৩৩১ লাখ হেক্টৰ কৃষিভূমিত এই শস্য ৰোপন কৰা হৈছিল। যোৱা বছৰৰ তুলনাত এই শস্য ৰোপণৰ হাৰ ১৪ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। কৃষি মন্ত্ৰালয়ে জাৰি কৰা শস্যৰ ৰোপণ তথ্য অনুসৰি প্ৰায় ৬০ লাখ হেক্টৰ কৃষিভূমিত ধান ৰ...

July 8, 2024 8:43 PM

এন টি এক নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল বিষয় সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এক, নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল বিষয় সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সর্বোচ্চ ন্যায়ালয়ে কেন্দ্রীয় অনুসন্ধান সংস্থা চিবিআইকো এই গোচৰৰ অনুসন্ধানৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়ালয়ে এন টি এ, কেন্দ্র ...