July 11, 2024 8:15 PM

খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনিষা সোণোৱালে ৰূপৰ পদক অৰ্জন

ওড়িশাৰ ভূৱনেশ্বৰত অনুষ্ঠিত খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনিষা সোণোৱালে ৰূপৰ পদক অৰ্জন কৰে। মনিষাই য়ুথ শাখাত ১২০ কিলোগ্রাম ওজন দাঙি ৰূপৰ পদক জয় কৰে। আনহাতে ৰেখামণি গগৈয়ে জুনিয়ৰ শাখাত ৰূপ আৰু ছিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। অসমৰ মৃদুস্মিতা চিত্ৰকৰে ...

July 11, 2024 8:00 PM

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু আজি তেওঁলোকক কাংকেচণ্টুৰই বন্দৰলৈ নিয়া হৈছে। গ্ৰেপ্তাৰ কৰাৰ সময়ত পুড়ুকোট্টইৰ এই মাছমৰীয়াকেইজনে কচ্চাটিৰ ওচৰত মাছ ধৰি আছিল। উল্লেখযোগ্য যে পহিলা জুলাইত শ্ৰীলংকাৰ নৌস...

July 11, 2024 7:56 PM

ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনাৰ উদ্দেশ্যে নির্বাচনী বিষয়াৰ বৈঠক

জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্ত নীতেশ ব্যাস আৰু ধর্মেন্দ্ৰ শৰ্মা নেতৃত্বাধীন নির্বাচন আয়োগৰ এটা ৬ জনীয়া দলে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনা চলোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ সকলো জিলা নির্বাচনী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে। ইয়াৰ পূৰ্বে আয়োগৰ দলটোৱে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু অন্য ...

July 11, 2024 7:21 PM

নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি

নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি কৰা হৈছে। উদ্যানশস্যৰ বিকাশৰ বাবে উদ্ভাৱনমূলক কাৰ্যসূচী আৰু নীতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে ৰাজ্যখনক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ৰাজ্যখনত এনে কাৰ্যসূচী আৰু নীতিয়ে ভালেসংখ্যক খেতি...

July 11, 2024 2:45 PM

‘হাৰ ষ্টৰী – মাই ষ্টৰী’ শীৰ্ষক এলানি অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাষণ দিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনৰ বেডমিণ্টন ক'ৰ্টত প্ৰসিদ্ধ খেলুৱৈ ছাইনা নেহৱালৰ সৈতে বেডমিণ্টন খেলাৰ কথাই তেওঁৰ ক্ৰীড়াৰ প্ৰতি থকা স্বাভাৱিক আকৰ্ষণৰ কথা প্ৰতিফলিত কৰে। বেডমিণ্টনৰ কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান বিশেষকৈ মহিলা খেলুৱৈসকলে বিশ্বৰ পৰ্যায়ত এটা বিশেষ আধিপত্য বিস্তাৰ কৰাৰ সম...

July 11, 2024 2:38 PM

আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। জনসংখ্যা বৃদ্ধিৰ ফলত অহা প্ৰত্যাহ্বানসমূহ আৰু সুবিধাসমূহক প্ৰতিফলিত কৰি প্ৰতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। বহনক্ষম ভৱিষ্যতৰ বাবে কাম কৰা আৰু জনসংখ্যা বৃদ্ধিৰ লগত জড়িত বিষয়সমূহৰ ক্ষেত্ৰত মোকাবিলা কৰাৰ বাবে প্ৰতিবছৰে এই জনসংখ্যা দিৱস পালন কৰা হয়। জনসংখ্যাৰ বিষয়সমূহৰ...

July 11, 2024 2:34 PM

দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিব। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলে...

July 11, 2024 1:10 PM

বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বানত ৫জন লোকে প্ৰাণ হেৰুৱাইছে

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। প্ৰায়বোৰ নৈৰ জলস্তৰ হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত ৫জন লোকে প্ৰাণ হেৰুৱায়। এইবাৰৰ বানত ৰাজ্যখনৰ কৃষিভূমি, কৃষি, পুখুৰীৰ লগতে পথ, দলং আৰু কালভার্ট আদি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত পথ যোগাযোগ ব্যাহত হোৱাৰ লগতে পানীৰ সোঁতে বহু দলং ভগা পথ আৰু মথাউৰি উটুৱাই নিয়ে। পৰিস্...

July 11, 2024 1:08 PM

নতুন দিল্লীত আজি বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আৰম্ভ হ’ব

নতুন দিল্লীত আজি বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্রযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আৰম্ভ হ'ব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে বিদেশ মন্ত্রী এছ জয়শংকৰে বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰতিনিধিত্ব কৰিব। মন্ত্ৰালয়েলগতে জনাইছে যে এই সন্মিলনে বিমষ্টেক গোটৰ স...

July 11, 2024 1:00 PM

জনতা ভৱনত কৃষি বিভাগ তথা অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰা কালি জনতা ভৱনত কৃষি বিভাগ তথা অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শস্য উৎপাদনৰ সমীক্ষা সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বান প্রভাৱিত অঞ্চলসমূহৰ কৃষক...