September 20, 2024 1:17 PM

ভূমি ৰাজহ আদায়ৰ বাবে ই-খাজনা ব্যৱস্থা মুকলি

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত ভূমি ৰাজহ আদায় ব্যৱস্থাৰ সৰলীকৰণ পদক্ষেপ হিচাপে ই-খাজনা ব্যৱস্থাৰ সুবিধা আগবঢ়োৱা হৈছে। এই সন্দৰ্ভত নাগৰিকসকলে কিউ আৰ ক'ড স্কেন কৰি বা ই-খাজনা প’ৰ্টেল basundhara.assam.gov.in/e- khazana লৈ গৈ সহজেই ভূমি ৰাজহ পৰিশোধ কৰিব পাৰিব। সহজ, সুৰক্ষিত আৰু...

September 20, 2024 1:15 PM

ৰাজ্যৰ শিপিনীসকলক হস্ততাঁত শিল্পৰে আত্মনির্ভৰশীল কৰাৰ বাবে ‘স্বনির্ভৰ নাৰী’ নামৰ অভিলাষী আঁচনি মুকলি

হস্ততাঁত শিল্পৰে অসমৰ শিপিনীসকলক আত্মনির্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰে ‘স্বনির্ভৰ নাৰী’ নামৰ এখন অভিলাষী আঁচনি মুকলি কৰিছে। ইয়াৰ অধীনত প্ৰথম পৰ্যায়ত ক্রয় কৰা বস্ত্র সামগ্রীসমূহ বর্তমান আর্টফেড, প্রাগজ্যোতিকা, বিভাগীয় জিলা কাৰ্যালয়ত ২০ শতাংশ ৰেহাই মূল্যত উপলব্ধ। এই আঁচনিৰ অধীনত ইতিমধ্যে পঞ...

September 20, 2024 1:14 PM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভিন্ন শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসমীয়া ভাষাৰ সাধাৰণ ঘোষণা তথা শিশু আৰু মহিলা শাখাৰ লগতে হিন্দী, নেপালী, কাৰ্বি, বড়ো, চাহ জনগোষ্ঠীৰ অনুষ্ঠান আৰু পাশ্চাত্য সংগীত শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। ২০ৰ পৰা ৫০ বছৰ বয়সৰ স্নাতক ডিগ্রীধাৰী প্রার্থীয়ে ইয়াৰ বাবে আবেদন কৰি...

September 20, 2024 1:12 PM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অংশকালীন সংবাদদাতাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.inত লগ-ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগত...

September 20, 2024 1:10 PM

চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত থকা নিজা বাসভৱনত আজি ছত্তিশগড়ৰ নক্সালবাদী হিংসাৰ বলি হোৱা প্ৰায় ৫৫ জন লোকৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ ...

September 20, 2024 1:09 PM

কেন্দ্ৰীয় ড’নাৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰ এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত

কেন্দ্ৰীয় ড'নাৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰ আজি এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিছে। মন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত চাংসাৰিত থকা ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান(নাইপাৰ)ত চেণ্ট্ৰেল এনিমেল ফেচিলিটী আৰু ইনভিট্রো ড্রাগ টেষ্টিং ফেচিলিটী মুকলি কৰে। বিয়লি চাৰে তিনি বজাত মন্ত্ৰীগৰাকী...

September 20, 2024 1:08 PM

চিৰাং জিলাৰ বামুনগাঁৱৰ বীৰঝৰাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আৰচিচি চেল ব্ৰীজ উদ্বোধন

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি চিৰাং জিলাৰ বামুন গাঁৱৰ বীৰঝৰাত জনজাতি পৰিক্ৰমা বিভাগৰ পুঁজিৰে নিৰ্মিত এখন আৰচিচি চেল ব্ৰীজ উদ্বোধন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী উপস্থিত থাকে। শ্রী পেগুৱে এই সেতুখনে অঞ্চলটোৰ যাতায়াতৰ লগতে বাণিজ্য আৰু অৰ্থনৈত...

September 19, 2024 9:22 PM

ৰাজ্যত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি, ১২ লাখ হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট

ৰাজ্যত মহিলা সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰ জনতা ভৱনৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি মুকলি কৰি কয় যে, ৰাজ্যৰ ৩৭ লাখ পৰিয়ালে প্ৰতিমাহে এহেজাৰ ২৫০ টকাকৈ সাহায্য লাভ কৰাটো নিশ...

September 19, 2024 9:15 PM

ৰাজ্যত পুনৰ ১৯ লাখতকৈও অধিক লোকক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা

ৰাজ্যত আজিৰে পৰা পুনৰ ১৯ লাখতকৈও অধিক লোকক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ভার্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানৰ উদ্বোধন কৰে। এই উপলক্ষে পাঠশালাত আয়োজিত অনুষ্ঠানত আজি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলক প্ৰদান কৰে...

September 19, 2024 9:13 PM

মৰিগাঁৱৰ মৈৰাবাৰীত চাইবাৰ অপৰাধৰ সৈতে জড়িতৰ অভিযোগত ৮জন লোকক গ্ৰেপ্তাৰ

মৰিগাওঁ জিলাৰ মৈৰাবাৰীত আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। যোৱা নিশা মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত মৈৰাবাৰী আৰু লাহৰীঘাটৰ বিভিন্ন অঞ্চলত অভিযান চলাই এই লোককেইজনক গ্রেপ্তাৰ কৰা হয়। লোককেইজনৰ পৰা ভালেমান আপত্তিজনক নথি-পত্র জব্দ কৰা হৈছে।