September 20, 2024 1:31 PM

দাদৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউ ভ্ৰমণলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজিৰ পৰা দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ ভ্ৰমণ কৰিব। এয়া হ'ব কেন্দ্রীয়শাসিত অঞ্চলটোলৈ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথমটো ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক আৰু উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব।

September 20, 2024 1:30 PM

হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, জে পি নাড্ডাৰ নিৰ্বাচনী সভা

হাৰিয়ানাত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে৷ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ৰোহটকত অনুষ্ঠিত দলীয় কর্মী সন্মিলনক সম্বোধন কৰে। শ্ৰীনাড্ডাই কয় যে বিজেপিৰ শাসনকালত হাৰিয়ানাই যোগ্যতাৰ ভিত্তিত চাকৰি ...

September 20, 2024 1:29 PM

পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল

পশ্চিমবংগ চিকিৎসা পৰিষদে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল কৰিছে। তেওঁ প্ৰতিষ্ঠানটোত সংঘটিত এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত বৰ্তমান চি বি আইৰ জিম্মাত আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত ৬ ছেপ্টেম্বৰত সন্দীপ ঘোষক কাৰণ দৰ্শোৱাৰ জানন...

September 20, 2024 1:28 PM

পশ্চিমবংগৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে আজি কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিব

পশ্চিমবংগৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে আজি কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিব আৰু জৰুৰীকালীন কর্তব্যত যোগদান কৰিব। কালি সর্বসন্মতিক্রমে প্রতিবাদী চিকিৎসকমহলে এই সিদ্ধান্ত গ্ৰহণ কৰে। আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ ন্...

September 20, 2024 1:27 PM

অসমসহ উত্তৰ-পূবত ঠাই বিশেষে ২২-২৫ ছেপ্টেম্ৱৰলৈ প্রবল বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আজি পর্যন্ত প্রচণ্ড বৰষুণৰ পূর্বাভাস প্ৰকাশ কৰিছে৷ বিভাগৰ তথ্য অনুসৰি চলিত মাহৰ ২২ৰ পৰা ২৫ তাৰিখৰ ভিতৰত অসম, পূব-মধ্য ছত্তিশগড়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভ...

September 20, 2024 1:26 PM

নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত নদী উৎসৱ ২০২৪ উদ্বোধন

ভাৰতৰ নদীসমূহৰ তাৎপৰ্যক উদযাপন কৰি কালি নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আই জি এন চি এ)ত নদী উৎসৱ ২০২৪ উদ্বোধন কৰা হয়। এখন নদীৰ উপাদান আৰু ইয়াৰ আশে-পাশে থকা সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ‘ৰিভাৰ্ছ ইন ৰিভাৰ্ছ: মেকিং অৱ এ লাইফলাইন' শীর্ষক বিষয়বস্তুৰ অধীনত এইবেলি নদী উৎসৱৰ ৫ম সংস...

September 20, 2024 1:24 PM

নেপালৰ সংবিধান দিৱস উপলক্ষে কাঠমাণ্ডুৰ দৰবাৰ মাৰ্গত ‘ৰাষ্ট্ৰীয় দিৱস সংগীতানুষ্ঠান’

নেপালৰ সংবিধান দিৱস উপলক্ষে কালি কাঠমাণ্ডুৰ দৰবাৰ মাৰ্গত ‘ৰাষ্ট্ৰীয় দিৱস সংগীতানুষ্ঠান'ৰ আয়োজন কৰা হয়। সংবিধান দিৱস উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ সংগীতানুষ্ঠানত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শর্মা অলি, উপ-প্রধানমন্ত্রী তথা বিত্তমন্ত্রী বিষ্ণু পৌডেল আৰু গৃহমন্ত্ৰী ৰমেশ লেখকে অংশগ্ৰহণ কৰে। প্রধানম...

September 20, 2024 1:22 PM

চাইনা অ’পেন বেডমিণ্টনত আজি ভাৰতৰ মালবিকা বানছ’ডে জাপানৰ আকানে য়ামাগুচিৰ মুখামুখি হ’ব

চাইনা অ'পেন বেডমিণ্টনত বি ডব্লিউ এফ ছুপাৰ থাউজেনত আজি চীনৰ চাংঝৌত অনুষ্ঠিত হ'বলগীয়া মহিলাৰ একক শিতানৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় শ্বাটলাৰ মালবিকা বানছ’ডে জাপানৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিৰ মুখামুখি হ'ব। কালি ১৬ ৰাউণ্ডত ২২বছৰীয়া খেলুৱৈগৰাকীয়ে স্কটলেণ্ডৰ কিষ্টি গিলম'ৰক পৰাস্ত কৰি ৰোমাঞ্চকৰ প্ৰদৰ্শ...

September 20, 2024 1:20 PM

ৰাজ্যৰ দুখন জিলাত ৰাষ্ট্ৰীয় পি এম বিশ্বকর্মা কাৰ্যসূচীৰ আয়োজন

অসমৰ দুখন জিলাত ৰাষ্ট্ৰীয় পি এম বিশ্বকর্মা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ বিপণন ক্ষেত্ৰত সাংসদ বিজুলী কলিতা মেধিয়ে পি এম বিশ্বকর্মা কাৰ্যসূচীত অংশ লয়। নগাঁৱৰ পানীগাঁৱত মন্ত্ৰী পীযূষ হাজৰিকাই এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰে। লগতে পি এম বিশ্বকর্মা কাৰ্যসূচী দেশৰ ৫০টা প্র...

September 20, 2024 1:19 PM

যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮১সংখ্যক ওপজা দিন

যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮১ সংখ্যক ওপজা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তত আজি কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সুৰ বাহিনীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত দৰদী কণ্ঠশিল্পীগৰাকীৰ ওপজা দিনৰ লগত সংগতি ৰাখি মোৰ মন চাতকৰ কণ্ঠ শীর্ষক যন্ত্ৰ সংগীতৰ মূর্ছনাৰে এক ব্...