July 18, 2024 9:01 PM

বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ বিদেশ মন্ত্রালয়ৰ অনুৰোধ

বিদেশ মন্ত্রালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কৈছে। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু সহকাৰী উচ্চায়োগে জৰুৰী পৰিস্থিতৰ সন্মুখীন হ'লে আৰু সহায়ৰ আৱশ্যক হ'লে উচ্চায়োগৰ জৰুৰীকালীন নম্বৰত ফোন কৰিবলৈ আহ্...

July 18, 2024 8:59 PM

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আজি আৰক্ষী আৰু সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ বাবে দাবী জনোৱা প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। প্ৰতিবাদকাৰীসকলে নিজৰ দাবী মানি লোৱা উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ লগতে ৰে'ল সেৱাত ব্যাঘাত জন্মায়। বাংলাদেশৰ আইন, ন্...

July 18, 2024 8:53 PM

নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

উচ্চতম ন্যায়ালয়ে শনিবাৰে দিনৰ ১২ বজা পর্যন্ত ৱেবচাইট যোগে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশৰ পৰীক্ষা নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্...

July 18, 2024 8:42 PM

টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি

ডিব্ৰুগড় টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি পৰে। নতুন প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ অমৰ সৃষ্টি ভাওনাৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। যোৱা ২ জুলাইৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত বিকাশ বৰুৱা আৰু সৌৰভ চেতিয়াই প্রশিক্ষার্থীসকলক প্ৰশিক...

July 18, 2024 8:41 PM

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁৱত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই আইনৰ নিয়ম ২০০১ৰ ৬ নম্বৰ আৰু ১ নম্বৰ ধাৰাৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰাপ কৰা হৈছে। ন...

July 18, 2024 8:39 PM

ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়

২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়। নগাঁও আদালতত বিচাৰাধীন গোচৰটোৰ এই মাহৰ শেষৰ ফালে অৰ্থাৎ ৩০ জুলাইত পৰৱৰ্তী শুনানী গ্রহণ কৰা হ'ব। আজি নগাঁও সত্র ন্যায়াধীশ আদালতত আছামী পক্ষৰ অধিবক্তা উপস্থিত নথকাত গোচৰটোৰ শুনানী পৰৱৰ্তী ৩০ জুলাইলৈ পিছুৱাই দ...

July 18, 2024 8:02 PM

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ কেইবাখনো জিলাত বানৰ পাছত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যৰ ২৪ খন জিলাত ১৮৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। গোলাঘাট জিলাত জানুৱাৰী মাহৰ পৰা...

July 18, 2024 7:56 PM

অসমৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযানৰ কাৰ্যসূচী অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্...

July 18, 2024 7:53 PM

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 18, 2024 7:50 PM

ৰাষ্ট্ৰপতি মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন ‘উইংছ টু আৱাৰ হোপ্‌ছ’ গ্ৰন্থৰ প্ৰথম খণ্ড ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই গ্ৰন্থখনৰ হিন্দী আৰু ইংৰাজী সংস্কৰণৰ লগতে ই-বুকখন মুকলি কৰে...