July 21, 2024 12:35 PM

পোলেণ্ডত অনুষ্ঠিত ২০২৪ চনৰ গ্ৰীষ্মকালীন এথলেটিক্স প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ দৌৰত কিৰণ পাহালৰ সোণৰ পদক অৰ্জন

পোলেণ্ডৰ ৱাৰ্ছত অনুষ্ঠিত ২০২৪ চনৰ গ্ৰীষ্মকালীন এথলেটিক্স প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ দৌৰত কালি কিৰণ পাহালে সোণৰ পদক অৰ্জন কৰিছে। ২৩ বছৰীয়া দৌৰবিদগৰাকীয়ে ২৩.৩৩ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰথম স্থান দখল কৰি এইবাৰ ভাৰতীয় খেলুৱৈ হিচাপে সর্বোচ্চ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। একেটা প্রতিযোগিতাতে অলি...

July 21, 2024 12:30 PM

মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আজি সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ-এৰ এখন গুৰুত্বপূৰ্ণ খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২ বজাত আৰম্ভ হ'ব। ভাৰত খেলখনত জয়ী হ'লে ছেমি ফাইনে...

July 21, 2024 12:25 PM

২৮ জুলাইত প্রধানমন্ত্ৰীৰ মন কী বাতৰ পৰবৰ্তী খণ্ড

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্রধানমন্ত্ৰীয়ে কৈছে ...

July 21, 2024 12:22 PM

জম্মু-কাশ্মীৰৰ মূল শিৱিৰৰ পৰা পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৩,১১৩ গৰাকী তীর্থযাত্ৰীৰ ৰাওনা

পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৩,১১৩ গৰাকী তীর্থযাত্ৰীৰ আৰু এটা দল জম্মু-কাশ্মীৰৰ ভগৱতী নগৰ যাত্ৰী নিৱাসৰ মূল শিৱিৰৰ পৰা ৰাওনা হৈছে। তীর্থ যাত্ৰীৰ দলটো আজি নিচেই পুৱা সৰু-বৰ ১২৩ খন বাহনেৰে অমৰনাথ গুহা অভিমুখে যাত্ৰা কৰে। দলটোত ২,৩১৫ গৰাকী পুৰুষ, ৬৯২ গৰাকী মহিলা, চাৰিটি শিশু আৰু ১০২ গৰাকী সাধু-সন্ন্য...

July 21, 2024 12:18 PM

NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু তিনিজনক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰ সংক্ৰান্তত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৰাজস্থানৰ ভৰতপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুজন শিক্ষাৰ্থী আছে। সূত্ৰৰ পৰা...

July 21, 2024 12:15 PM

আজি নেপালৰ কে পি শৰ্মা অলি চৰকাৰৰ নিম্ন সদনত আস্থাৰ ভোট

নেপালৰ কে পি শৰ্মা অলি চৰকাৰে আজি নিম্ন সদন প্রতিনিধি সভাত আস্থাৰ ভোট বিচাৰিব। নেপালৰ সংবিধান অনুসৰি নৱনিযুক্ত প্রধানমন্ত্ৰীয়ে নিযুক্তিৰ ৩০ দিনৰ ভিতৰত সংসদত আস্থা প্ৰমাণ কৰিব লাগে। ৭২ বছৰীয়া প্রবীণ কমিউনিষ্ট নেতা কে পি শৰ্মা অ'লিয়ে সোমবাৰে চতুৰ্থবাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল। ৰা...

July 21, 2024 12:13 PM

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ বাবে স্বদেশলৈ উভতিল প্ৰায় এহেজাৰ ভাৰতীয় শিক্ষার্থী

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ বাবে প্ৰায় এহেজাৰ ভাৰতীয় শিক্ষার্থী স্বদেশলৈ উভতি আহিছে। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৭৭৮ গৰাকী ভাৰতীয় বিদ্যাৰ্থীয়ে স্থলপথেৰে ভাৰতলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি প্ৰায় ২০০ গৰাকী শিক্ষার্থী ঢাকা আৰু চট্টগ্রাম বন্দৰৰ পৰা নিয়মীয়া বিমান সেৱাৰে স্বদেশলৈ ওভতি আহিছে। মন্ত্ৰাল...

July 21, 2024 12:08 PM

ভাৰতে নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰিছে। ছ'চিয়েল মিডিয়াৰ এটা পষ্টত শ্রীমোদীয়ে কয় যে, ভাৰতে এই সমিতিখনৰ অধিৱেশন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে আৰু আজি সন্ধিয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ আগ্ৰহেৰে বা...

July 21, 2024 12:04 PM

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ ১৪ হাজাৰ খালী পদৰ বিপৰীতে ৩২ লাখতকৈ অধিক আবেদন

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ ১৪ হাজাৰ খালী পদৰ বিপৰীতে নিযুক্তি আয়োগে ৩২ লাখতকৈ অধিক আবেদন লাভ কৰিছে। নিযুক্তি পৰীক্ষা পৰিচালনাৰ দায়িত্ব লাভ কৰা ছেবাই প্ৰকাশ কৰা তথ্য অনুসৰি ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া তৃতীয়বৰ্গৰ পদৰ বিপৰীতে ১১ লাখ ২৩ হাজাৰতকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে। একেদৰে ২৯ ...

July 21, 2024 12:01 PM

শিক্ষা সেতু এপ সন্দৰ্ভত বিভিন্ন শিক্ষক সন্থাৰে  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

সমগ্ৰ শিক্ষা অসমৰ কনফাৰেন্স কক্ষত কাইলৈ শিক্ষা সেতু এপ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। শিক্ষা সেতু এপৰ ওজৰ আপত্তি সন্দৰ্ভত আলোচনাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাকে ধৰি ৮টা শ...