September 20, 2024 7:32 PM

দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় দিনাৰ অন্তত দ্বিতীয় ইনিংছত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৩০৮ ৰাণৰ অগ্ৰগতি

বেংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনাৰ দ্বিতীয় ইনিংছৰ অন্তত ভাৰত ৩০৮ ৰাণত আগবাঢ়ি আছে। ভাৰতে আজি দ্বিতীয় দিনা কালি প্ৰথম ইনিংছৰ ৩৩৯ ৰাণৰ পৰা খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই ৩৭৬ ৰান সংগ্ৰহ কৰে। বাংলাদেশে প্র...

September 20, 2024 7:28 PM

ডিফুৰ আৰবোৰিটামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আজি সামৰণি

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত কাৰ্বি অধ্যয়ন কেন্দ্ৰ আৰু অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ সহযোগত ডিফুৰ আৰবোৰিটামত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আজি সামৰণি পৰে। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্...

September 20, 2024 7:23 PM

কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিন উদযাপন

কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ তথা সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ চানমাৰিৰ জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত আয়োজন কৰা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তথ্য আৰু জ...

September 20, 2024 7:21 PM

বি পি এফ আৰু ইউ পি পি এলৰ মাজত মিত্ৰতাৰ প্ৰক্ৰিয়া চলি আছে : প্ৰমোদ বড়ো

বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে আজি বি পি এফ আৰু ইউ পি পি এলৰ মাজত মিত্ৰতাৰ প্ৰক্ৰিয়া চলি আছে বুলি প্ৰকাশ কৰে। চিৰাং জিলাৰ ছিদলীত আজি তেওঁ বীৰ চিলাৰায় স্মৃতিত এটি ভৱন তথা সাংস্কৃতিক গৱষেণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানৰ ভাষণ প্ৰসংগত বড়োৱে এই কথা উল্লেখ কৰে। বি টি আৰ চুক্তিৰ পাছত ইউ পি পি ...

September 20, 2024 7:16 PM

ঢেকিয়াজুলিত কাইলৈ শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমূৰ্তি উদ্বোধন

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ ঢেকিয়াজুলিত  শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমূৰ্তি উদ্বোধন কৰা হব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। জাতীয়তাবাদ আৰু দেশপ্ৰেমক প্ৰ...

September 20, 2024 7:14 PM

নাইপাৰত চেন্ট্ৰেল এনিমেল ফেচিলিটী আৰু ইনভিট্রো ড্রাগ টেষ্টিং ফেচিলিটী মুকলি ড’নাৰ ৰাজ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় ড'নাৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে আজি গুৱাহাটীৰ ভেষজ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, নাইপাৰত চেন্ট্ৰেল এনিমেল ফেচিলিটী আৰু ইনভিট্রো ড্রাগ টেষ্টিং ফেচিলিটী মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টিত কেন্দ্রীয় শিক্ষা প্রতিষ্ঠানসমূহৰ সৈতে এখন পর্য...

September 20, 2024 7:09 PM

বিচাৰাধীন গোচৰসমূহৰ বাবে ন্যায় প্ৰদানত বিলম্ব হয় : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিচৰাধীন গোচৰসমূহে ন্যায় প্রদান ব্যৱস্থাত অন্তৰায় সৃষ্টি কৰা বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে, এই গোচৰসমূহৰ বাবে ন্যায় প্ৰদানত বিলম্ব হয়। ৰাজ্যত বিভিন্ন পৰ্যায়ত চাৰে চাৰি লাখতকৈও অধিক গোচৰ বিচৰাধীন হৈ আছে বুলি তেওঁ সদৰী কৰে। তেওঁ কয় যে ইয়াৰ পৰিপ্ৰেক্ষিতত কম গুৰু...

September 20, 2024 6:57 PM

নলবাৰী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত চিটিস্কেন যন্ত্ৰ মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত শেহতীয়া সুবিধাৰে সমৃদ্ধ চিটিস্কেন যন্ত্ৰ মুকলি কৰে। তেওঁ কয় যে, ইয়াৰ জৰিয়তে অঞ্চলটোৰ স্বাস্থ্য সেৱা খণ্ডত এটা গুৰুত্বপূৰ্ণ অগ্রগতি হ'ব। স্থানীয় লোকসকলৰ উপৰি সমীপৰ অঞ্চলসমূহৰ ৰোগী তথা ৰোগীৰ পৰিয়াল এই শ...

September 20, 2024 6:55 PM

উৎকট গৰমৰ বাবে কেইবাখনো জিলাৰ সকলো বিদ্যালয়লৈ নির্দেশনা জাৰি

ৰাজ্যত বর্ধিত তাপমাত্রা তথা উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কামৰূপ মহানগৰ জিলাৰ সকলো ব্যক্তিগত, চৰকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়লৈ বিশেষ নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ শ্ৰেণীসমূহ পুৱা চাৰে সাত বজাৰ পৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হোৱাৰ লগতে দিনৰ চাৰে ১২ বজাত বিদ্যা...

September 20, 2024 6:49 PM

ভাইব্ৰেণ্ট নর্থ-ইষ্ট ২০২৪ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

কৃষি, পশুপালন তথা পশু চিকিৎসা মন্ত্রী অতুল বৰাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাইব্ৰেণ্ট নর্থইষ্ট ২০২৪ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড'নাৰ মন্ত্ৰ্যালয়ৰ সহযোগত কৃষি আৰু গ্রামোন্নয়ন কেন্দ্রই আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ কৰ্ণধাৰসকলে একেখন মঞ্চতে তেওঁলোকৰ উদ্ভাৱন, প্...