August 9, 2024 11:58 AM

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নোবেল ব’টাপ্রাপক মহম্মদ ইউনুছৰ শপতগ্ৰহণ

নোবেল ব'টাপ্রাপক মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপতগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে যোৱানিশা ঢাকাৰ বংগ ভৱনত তেওঁক শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত বিভিন্ন দেশৰ কূটনীতিবিদ উপস্থিত থাকে। ১৯৪০ চনৰ ২৮ জুনত জন্মগ্ৰহণ কৰা মহম্মদ ইউনুছ বাংলাদেশৰ এগৰাকী প্ৰসিদ্ধ উদ্...

August 9, 2024 11:56 AM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ‘মুখ্যমন্ত্ৰী নিযুত মইনা’ আঁচনি

ছাত্ৰী সবলীকৰণৰ জৰিয়তে সামাজিক উত্তৰণৰ সুদূৰপ্ৰসাৰী লক্ষ্য আগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত ‘মুখ্যমন্ত্ৰী নিযুত মইনা’ নামৰ আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে। আঁচনিখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বাল্য বিবাহ ৰোধ কৰাই এই আঁচনিৰ মূল লক্ষ্য। বাল্য বিবাহ ৰোধৰ...

August 9, 2024 11:53 AM

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাঠাইতো পুনৰ বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিগত দুদিন ধৰি হোৱা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত বৰাক নৈৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে। বছৰটোত এয়া চতুৰ্থবাৰৰ বাবে বৰাক নৈৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিছে। জানিব পৰা মতে বৰা...

August 9, 2024 11:51 AM

ৰাজ্যৰ বানপীড়িত জিলাসমূহৰ অভিভাৱক মন্ত্ৰী আৰু জিলা আয়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্রস্ত লোকসকলক ক্ষতিপূৰ্ণ দিয়াৰ লগতে পুনৰ সংস্থাপন নিশ্চিতকৰণ প্ৰক্ৰিয়াৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি বানপীড়িত জিলাসমূহৰ অভিভাৱক মন্ত্ৰী তথা জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বানপীড়িত লোকসকলক ক্ষতিপূ...

August 9, 2024 11:44 AM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি বিয়লি ৩ বজাত কেবিনেট বৈঠক

গুৱাহাটীস্থিত লোকসেৱা ভৱনত আজি বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। বৈঠকৰ পাছতে ভৱনৰ মিডিয়া হলত এখন সংবাদ মেলৰ আয়োজন কৰা হৈছে। আজিৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।

August 9, 2024 11:43 AM

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ভাৰত-বাংলাদেশ সীমান্ত সম্প্ৰতি বন্ধ কৰি ৰখা হৈছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ অশান্ত পৰিস্থিতি আৰু ভাৰতৰ সীমা সুৰক্ষা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ভাৰত-বাংলাদেশ সীমান্ত সম্প্ৰতি বন্ধ কৰি ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে অৱগত কৰি কয় যে, কেৱল পা...

August 9, 2024 11:39 AM

‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী উৎসৱমুখৰ পৰিৱেশেৰে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাগত স্বাধীনতা দিৱস যথাবিহীত কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ লগতে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীও উৎসৱমুখৰ পৰিৱেশেৰে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। ৰাজ্যৰ বিভিন্ন আত্মসহায়ক গোট, ভিডিপি, অংগনৱাড়ী কর্মী, আশাকর্মী, ক্রীড়া সংগঠন, সাংস্কৃতিক সংগঠন, এন এছ এছ, এন চি চ...

August 9, 2024 11:36 AM

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ আয়ুক্ত সচিব ৰঞ্জন শৰ্মাৰ লগতে পুৰাতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড...

August 9, 2024 11:35 AM

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ ব্ৰঞ্জৰ পদক, প্ৰতিগৰাকী খেলুৱৈলৈ ১৫ লাখ টকা হকী ইণ্ডিয়াৰ

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। যোৱা নিশা হোৱা তৃতীয় স্থান নির্ণয়কাৰী খেলত ভাৰতে প্ৰথমে গ’ল খোৱাৰ পাছত স্পেইনক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক লাভ কৰাৰ গৌৱৰ অৰ্জন কৰে। খেলৰ ১৮ মিনিটত মাৰ্ক মিৰালেছৰ গ’লেৰে স্পেইনে প্রথমে অগ্রগতি লয়।...

August 8, 2024 8:06 PM

কাইলৈৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গর্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰা...