August 10, 2024 1:06 PM

অসম মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ সন্দৰ্ভত মন্ত্ৰীপৰ্যায়ৰ বৈঠক অনুষ্ঠিত

অসম মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে কালি দুয়োখন ৰাজ্যৰ মাজত এখন মন্ত্ৰীপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা তথা মিজোৰামৰ গৃহমন্ত্রী কে সপদাংগাৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধনৰ লক্ষ্যৰে এখন যুটীয়া বিবৃতি স্বাক্ষ...

August 10, 2024 1:04 PM

অসমতো দেশজুৰি আয়োজিত হ’বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী ৰূপায়ণ

সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আয়োজিত হ'বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হ'ব। কালি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাত কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পর্যালোচনাও কৰা হয়। সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত হ'ব ...

August 10, 2024 1:00 PM

শাৰদীয় দুর্গোৎসৱৰ পাছতেই ৰাজ্যত পঞ্চায়ত নির্বাচন

শাৰদীয় দুর্গোৎসৱৰ পাছতেই ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে প্ৰতিটো উন্নয়ন খণ্ডৰ লগতে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পুনৰ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি তিনিচুকীয়াত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে...

August 10, 2024 12:58 PM

শিক্ষা খণ্ডত উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ

শিক্ষা খণ্ডত উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ লক্ষ্যৰে কালি ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত মাতৃভাষা মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহৰ ২৫ শতাংশ আসন দৰিদ্র শিক্ষার্থীৰ বাবে সংৰক্ষিত কৰি ৰখাৰ প্ৰাৰম্ভিক প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয় যে...

August 9, 2024 8:49 PM

বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত মন্ত্রী কিৰেণ বিজিজুৰ

সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ বিজিজুৱে বাজেট অধিবেশনক যথেষ্ট ফলপ্রসূ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি বাজেট অধিবেশন সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীৰিজিজুৱে কয় যে এইবেলিৰ অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাত সুচাৰুৰূপে কাম-কাজ সম্পন্ন হয়। অধিবেশনৰ সময়ছোৱাত এদিনো কাম-কাজ সম্পূৰ্ণ...

August 9, 2024 8:44 PM

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ সদস্যৰ নামত প্ৰস্তাৱ

লোকসভাই আজি ৱাকফ সংশোধনী বিধেয়ক ২০২৪ চালি-জাৰি চোৱাৰ বাবে গঠন কৰিবলগীয়া যুটীয়া সমিতিৰ ২১-গৰাকী সদস্যৰ নাম সম্পর্কে এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ অনুসৰি এই সমিতিৰ সদস্যসকলব ভিতৰত জগদম্বিকা পাল, নিশিকান্ত ডুবে, তেজস্বী সূর্যা, দিলীপ শ‍ইকীয়া, গৌৰৱ গগৈ, ইমৰাণ মাছুদ, মহম্মদ জাভেদ, কল্যাণ বেনাৰ্জী ...

August 9, 2024 8:38 PM

ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী

ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী। ১৯৪২ চনৰ ৯ আগষ্টত এই আন্দোলন আৰম্ভ কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ বার্ষিকী উপলক্ষে প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলনত অংশ লোৱা বীৰ সেনানীসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে প্রধানমন্ত্ৰীয়ে ভাৰত...

August 9, 2024 8:37 PM

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ টিমোৰ লেষ্ট অভিমুখে ৰাওনা

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মু নিউজিলেণ্ডৰ দুদিনীয়া সফল ভ্ৰমণ সামৰি টিমোৰ লেষ্ট অভিমুখে ৰাওনা হৈছে। ৰাষ্ট্ৰপতি মুর্মু কাইলৈ পুৱাৰ ভাগত টিমোৰ লেষ্টৰ ৰাজধানী ডিলিত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব।

August 9, 2024 8:33 PM

ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্রতিক স্থিতি নিৰীক্ষণৰ বাবে সমিতি গঠন

কেন্দ্ৰীয় চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্রতিক স্থিতি নিৰীক্ষণৰ বাবে এখন কমিটি গঠন কৰিছে। এই কমিটিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক তথা সংখ্যালঘু সম্প্রদায়ৰ লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিব। সীমান্ত সুৰক্ষা বাহিনীৰ ইষ্টার্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চা...

August 9, 2024 8:28 PM

উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ৰ বিষয়ে কৰা অসংসদীয় মন্তব্যক শাসকীয় পক্ষৰ নিন্দাসূচক প্ৰস্তাৱ

ৰাজ্যসভাত আজি শাসকীয় পক্ষই উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ব বিষয়ে কৰা অসংসদীয় মন্তব্যৰ বাবে সমাজবাদী পাৰ্টীৰ সদস্য জয়া বচ্চনৰ বিৰুদ্ধে এটা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কবে। সদনৰ নেতা তথা কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই এই প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ কয় যে বিৰোধী পক্ষৰ মন্তব্য অসংসদীয় আৰু...