August 12, 2024 11:49 AM

আসন্ন ৰাজ্যসভাৰ উপ-নির্বাচন আৰু ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ তৎপৰতা

আসন্ন ৰাজ্যসভাৰ উপ-নির্বাচন আৰু পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতিক লৈ ৰাজ্যত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ মাজত তৎপৰতা আৰম্ভ হৈছে। আজি গুৱাহাটীৰ কইনাধৰাত অৱস্থিত ৰাজ্যিক অতিথি শালাত বিজেপিৰ নিৰ্বাচন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বিজেপিৰ এই নির্বাচন কমিটিৰ বৈঠকত ৰাজ্যসভাৰ খালী হৈ থকা...

August 12, 2024 11:44 AM

পেৰিছ অলিম্পিকত ভাৰতীয় এথলীটৰ প্ৰদৰ্শনত প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত ভাৰতীয় এথলীটসকলৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰিছে। তেওঁ কয় যে, সকলো এথলীটে উৎকৃষ্ট প্রদর্শন আগবঢ়ালে আৰু তেওঁলোকক লৈ প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত। সামাজিক মাধ্যম এক্সৰ এটা প’ষ্টত শ্রীমোদীয়ে উল্লেখ কৰে যে, পেৰিছ অলিম্পিকৰ সামৰণিৰ লগে লগে তেওঁ ইয়াত অংশগ্ৰহণ ক...

August 12, 2024 11:40 AM

ষ্টেড দি ফ্ৰান্সত বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি

ষ্টেড দি ফ্ৰান্সত কালি নিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক ২০২৪ৰ অন্ত পৰে। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ৬টা পদক লাভ কৰি ৭১ সংখ্যক স্থানত থাকে। ইয়াৰ পূৰ্বে ২০২০ৰ টকিঅ' অলিম্পিকত ভাৰত এটা সোণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ৭টা পদকেৰে ৪৮সংখ্যক স্থানত আছিল। পেৰিছ অলিম্পিকৰ ক...

August 12, 2024 11:37 AM

বিনিয়োগকাৰীক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত থকা প্রকৃত স্বার্থ সঠিক অধ্যয়নৰ বাবে ছেবিৰ আহ্বান

ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অব ইণ্ডিয়া, চমুকৈ ছেবিয়ে বিনিয়োগকাৰীসকলক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন বিশ্বাসত লোৱাৰ পূৰ্বে বিষয়টোৰ সন্দৰ্ভত অধিক অধ্যয়নৰ পৰামৰ্শ আগবঢ়াইছে। এটা বিবৃতিত ছেবিয়ে বিনিয়োগকাৰী সকলক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ আঁৰত থকা প্রকৃত স্বার্থ সঠিকভাবে অধ্যয়নৰ বাবে আহ্বান জনায়। ভাৰ...

August 12, 2024 11:31 AM

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজস্থানত ২২জন লোকৰ মৃত্যু

ৰাজস্থানৰ বিভিন্ন অংশত যোৱা শনিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কমেও ২২ জন লোকৰ মৃত্যু হৈছে। প্ৰৱল বৰষুণৰ ফলত কালি ৰাজ্যখনৰ জয়পুৰ, কাৰৌলী, ছাৱাই মধুপুৰ আৰু দৌছাৰ বাটপথসমূহ পানীত বুৰ যায়। কৰ্তৃপক্ষই এই অঞ্চলকেইটাৰ লগতে গংগাপুৰ আৰু ভাৰতপুৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহ আজি বন্ধ ঘো...

August 12, 2024 11:29 AM

২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা NEET PG সফলতাৰে সম্পন্ন

দেশৰ ১৭০খন চহৰত ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা NEET PG কালি সফলতাৰে অনুষ্ঠিত হৈ যায়। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ডে জনোৱা মতে, এইবাৰ প্ৰায় ২ লাখ ২৮ হাজাৰ ৫৪০খন এডমিট কার্ড পৰীক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছে। পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কেন্দ্ৰসমূহত ১,৯৫০ জনতকৈ অ...

August 12, 2024 11:26 AM

হায়দৰাবাদত কেন্দ্ৰীয় মন্ত্রী জি কিষাণ ৰেড্ডীৰ ত্ৰিৰংগা ৰেলী মুকলি

কেন্দ্ৰীয় মন্ত্রী জি কিষাণ ৰেড্ডীয়ে হায়দৰাবাদত কালি ত্ৰিৰংগা ৰেলী মুকলি কৰে। শ্ৰী ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত স্বাধীনতা দিৱস উদযাপনৰ আৰম্ভণিৰ ঘোষণা কৰে। তেওঁ কয় যে, বিগত ৩ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰি অহা হৈছে। তেওঁ জনসাধাৰণক, বিশেষকৈ ছাত্ৰ-ছাত্ৰী...

August 12, 2024 11:20 AM

২৫ আগষ্টত আকাশবাণীযোগে প্রধানমন্ত্ৰীৰ মন কী বাত কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন...

August 11, 2024 8:45 PM

বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ  দেহাৱসান

বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ আজি দেহাৱসান ঘটে। ১৯৩৯ চনত মাকুমত জন্মগ্ৰহণ কৰা বৰাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। ৰামধেনুৰ যুগতে কবি হিচাপে আত্মপ্ৰকাশ কৰা বৰাই ১৪ খন কাব্য সংকলন, চাৰিখন গল্প সংকলন আৰু এখন উপন্যাসকে ধৰি বহু মূল্যবান গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি গৈছে। অসম চৰকাৰৰ জনসংয...

August 11, 2024 8:17 PM

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীৰ মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ সহযোগিতা সন্দৰ্ভত আলোকপাত

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীয়ে দেশজুৰি মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্যসমূহৰ সামাজিক কল্যাণ আৰু মহিলা তথা শিশু উন্নয়ন মন্ত্ৰীসকল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপাল আৰু প্...