August 14, 2024 7:32 PM

হাজোত লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি হাজোত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্রী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজোৰ ভৰালীটোলাব নিজ বাসভৱন ‘শিশু কল্যাণ ভৱন'ত ৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পাছত এখন ৰাজহুৱা সভাত...

August 14, 2024 7:06 PM

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক নতুন দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সাক্ষী হ'বলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি অংগনৱাড়ী, ...

August 14, 2024 7:04 PM

দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃত উদ্যান মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃত উদ্যান মুকলি কৰে। এই উদ্যানখন জনসাধাৰণৰ দৰ্শনৰ বাবে অহা শুকুৰবাৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ মুকলি থাকিব। উঠি অহা প্ৰজন্মক অমৃত উদ্যানৰ মানসিকতাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী...

August 14, 2024 7:36 PM

স্বাধীনতা দিৱসত ১০৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্রদান কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অগ্নিনির্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ এহেজাৰ ৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্রদান কৰিছে। তেলেংগানা আৰক্ষীৰ মুখ্য কনিষ্টবল চাদুহু য়াদেয়াক বীৰত্বৰ বাবে ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হয়। গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে ২১৩ জন জো...

August 14, 2024 6:59 PM

সমগ্ৰ দেশৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ ৪০০ গৰাকী প্ৰতিনিধিক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ মহিলা প্রতিনিধিকে ধৰি সমগ্ৰ দেশৰ ৪০০ গৰাকী প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে। ইপিনে, পঞ্চায়তীৰাজ মন্ত্রালয়ে আজি নতুন দিল্লীত পঞ্চায়তৰ নেত্ৰীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়...

August 14, 2024 6:57 PM

ত্ৰিপুৰাৰ জনসাধাৰণৰ কৃতজ্ঞতা জ্ঞাপন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্থানীয় নিকায়ৰ নিৰ্বাচনত বিজেপিক ঐতিহাসিক বিজয়ৰ আশীৰ্বাদ দিয়াৰ বাবে ত্ৰিপুৰাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয় যে, এই জয় ত্ৰিপুৰাৰ জনসাধাৰণৰ জয়। তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডº মানিক সাহা, ৰাজ্যিক বিজেপিৰ সভাপতি...

August 14, 2024 6:54 PM

অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে দিল্লীৰ পূৰ্বৰ সুৰা নীতিক কেন্দ্ৰ কৰি ৰুজু হোৱা দুৰ্নীতিৰ গোচৰটোৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ আবেদন আজি নাকচ কৰিছে। মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে জনোৱা জামিন আবেদনৰ প্ৰসংগত চিবিআইক উত্তৰ দিবলৈ আহ্বান জনাই সর্বোচ্চ আদালতখনে গোচৰটোৰ শুনানী...

August 14, 2024 6:49 PM

২০২৫ বৰ্ষৰ হজ যাত্ৰাৰ বাবে আবেদন পত্ৰ মুকলি

২০২৫ বৰ্ষৰ হজ যাত্ৰাৰ বাবে আবেদন পত্ৰ মুকলি কৰি দিয়া হৈছে। অহা ৯ ছেপ্তেম্বৰ আবেদন দাখিলৰ শেষ দিন হিচাপে ধাৰ্য কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী জৰ্জ কুৰিয়ানৰ সৈতে কালি নতুন দিল্লীত হজ আৱেদন পত্র ২০২৫ মুকলি কৰে।

August 14, 2024 6:39 PM

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বন্ধুৰাষ্ট্ৰ ভূটানৰ সৈতে ভাৰতীয় প্ৰতিনিধিৰ সৌহার্দ্যপূর্ণ আলোচনা

ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি বন্ধুৰাষ্ট্ৰ ভূটানৰ সৈতে সৌহার্দ্যপূর্ণ আলোচনা অনুষ্ঠিত হয়। ভাৰত আৰু ভূটানৰ আন্তঃৰাষ্ট্ৰীয় মূল দুৱাৰৰ সন্মুখত দুয়োখন দেশৰ বিষয়ববীয়াসকলে ভাৰতীয় প্ৰতিনিধিক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। দুয়োখন দেশে পৰম্পৰা অনুসৰি পাৰস্পৰিক সন্মান প্ৰদৰ্শন কৰে। আনহাতে ...

August 14, 2024 7:41 PM

কাইলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস : ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

সমগ্ৰ দেশতে কাইলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। দিল্লীৰ লালকিল্লাত কাইলৈ হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। প্রধানমন্ত্ৰী শ্ৰী মোদীয়ে লগতে দেশবাসীক উদ্দেশ্যি ভাষণ দিব। লালকিল্লাত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ বিভিন্ন...