August 18, 2024 11:07 AM

ৰাজ্যৰ ১৯ খন জিলাৰ ১৬১ খন প্রাথমিক বিদ্যালয় একত্ৰিকৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ

ৰাজ্যৰ ১৯ খন জিলাৰ ১৬১ খন প্রাথমিক বিদ্যালয় একত্ৰিকৰণ কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষত ৰাজ্যৰ ৮,০৬৬ খন প্রাথমিক বিদ্যালয় আন বিদ্যালয়ৰ লগত চামিল কৰা হৈছে। ৰাজ্য চৰকাৰৰ শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত প্ৰাথমিক বিদ্যালয়ৰ একত্ৰিকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। এইবাৰ মাজুলী জিলাৰ...

August 17, 2024 8:21 PM

৩৪ খন নির্বাচিত চাহ বাগিচাক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ জয়ন্ত মল্লবৰুৱাৰ

অসম চাহ পর্যটন উন্নয়ন আঁচনি দ্বিতীয় পৰ্যায়ত আজি পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই ৩৪ খন নির্বাচিত চাহ বাগিচাক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰে। অসমৰ চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অধীনত এই অনুমোদন পত্ৰ বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ পৰিকল্পনামৰ্মে আঁচনিৰ প্ৰথম...

August 17, 2024 8:17 PM

৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ক্ৰীড়া সংস্থাৰ দ্বাৰা আয়োজিত ৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে'লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি পৰিছে। পুৰুষ আৰু মহিলা দলীয় শাখাৰ লগতে একক শাখাতো এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। দক্ষিণ-পূব ৰে'লৱেৰ পুৰুষ আৰু মহিলা উভয় দলেই প্রতিযোগিতাত বিজয় হয়। ইপিনে মহিলাৰ একক দলত পশ্চি...

August 17, 2024 8:14 PM

যোৰহাটৰ চ’ক বজাৰ পুনৰ নিৰ্মাণৰ ভূমি পূজন অজন্তা নেওগৰ

বিত্তমন্ত্রী অজন্তা নেওগে আজি যোৰহাটৰ চ’ক বজাৰ পুনৰ নিৰ্মাণৰ ভূমি পূজন কৰে। অনুষ্ঠানত বিধায়ক হিতেন্দ্র নাথ গোস্বামী উপস্থিত থাকে। উল্লেখযোগ্য যে যোৰহাটৰ শতিকা প্রাচীন পুৰণি চ’ক বজাৰ প্রায় এবছৰ আগত অগ্নিকাণ্ডত জাহ গৈছিল। জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰী নেওগে আজি চ’ক বজাৰৰ পুনৰ নির্মাণ ১৮ মাহত সম্পূৰ্ণ...

August 17, 2024 8:06 PM

দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ প্ৰকাশ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক আন্তৰাষ্ট্ৰীয় স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰূপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত আয়োজিত এখন বৈঠকত মাংকিপক্সৰ...

August 17, 2024 7:54 PM

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ তত্বাৱধানত বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়াসকলৰ তত্বাৱধানত আজি জিলাখনৰ বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ হৈছে। পূব যোৰহাট, পশ্চিম যোৰহাট, তিতাবৰ, মৰিয়নি আৰু টীয়কৰ বিভিন্ন ঠাইত কৃষি বিভাগৰ ডিজিটেল শস্য জৰীপৰ লগত জড়িত জৰীপকর্তা, তত্বাৱধায়ক আৰু প্ৰামাণিকসকলৰ সহযোগত এই জৰীপ কাৰ্য সম্পাদন কৰিবলৈ লো...

August 17, 2024 7:12 PM

ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত

অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে । মহা...

August 17, 2024 7:09 PM

পথৰুঘাট কৃষক শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যৰ

অসমৰ নৱ-নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি দৰং জিলাত অৱস্থিত ঐতিহাসিক পথৰুঘাট কৃষক শ্বহীদ সমাধিক্ষেত্ৰত উপস্থিত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ আত্ম বলিদান আৰু ত্যাগৰ আদৰ্শ আগবঢ়াই নিয়াৰ বা...

August 17, 2024 7:06 PM

অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ

NEET, JEE, CUET –কে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত আধাৰ নম্বৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে আজি বিদ্যালয়সমূহৰ ...

August 17, 2024 7:04 PM

ভাৰতীয় চিকিৎসা সংস্থাৰ ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘট কাৰ্যসূচী

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি ভাৰতীয় চিকিৎসা সংস্থাই ২৪ ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই অনুসৰি দেশজুৰি পুৱা ৬ বজাৰ পৰা জৰুৰী সেৱাৰ বাহিৰে অন্য সেৱা আৰু অ' পি ডি বন্ধ ৰখা হৈছে। সংস্থাটোৱে ভুক্তভোগী চি...