September 23, 2024 3:47 PM

হাইফা যুদ্ধৰ শ্বহীদসকলৰ সন্মানার্থে নতুন দিল্লীত আজি হাইফা দিৱস পালন

হাইফা যুদ্ধৰ শ্বহীদসকলৰ সন্মানার্থে নতুন দিল্লীত আজি হাইফা দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ভাৰতত ইজৰাইলৰ ৰাষ্ট্রদূত ৰুৱেন আজাৰে দুয়োখন দেশৰ সম্পৰ্কৰ প্ৰশংসা কৰে। তেওঁ দুয়োখন দেশত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ কৰি ইয়াৰ প্ৰশংসা কৰে। ১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰি...

September 23, 2024 3:42 PM

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং কেন্দ্ৰ স্থাপনৰ বাবে দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগৰ পৰিকল্পনা

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং কেন্দ্ৰ স্থাপনৰ বাবে দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটীত কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ কাৰ্বি ...

September 23, 2024 3:21 PM

২০১৮ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আজি ৬ বছৰৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাখনে আজি ছবছৰৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা ছবছৰত এই অভিলাসী আঁচনিখনে লাখ লাখ লোকৰ জীৱন স্পৰ্শ কৰিছে আৰু আশা, নিৰাময়ৰ ক্ষেত্...

September 23, 2024 3:19 PM

পুঞ্চ আৰু শ্ৰীনগৰৰ নির্বাচনী সভাত ৰাহুল গান্ধীৰ অংশগ্রহণ

এ আই চি চিৰ প্ৰাক্তন সভাপতি তথা বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীয়ে আজি পুঞ্চ আৰু শ্ৰীনগৰৰ নির্বাচনী সভাত অংশগ্রহণ কৰিছে। তেওঁ জে কে পি চিৰ সভাপতি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী তাৰিক হামিদ কাৰাৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিব।

September 23, 2024 3:06 PM

একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি পুৱা নিউয়র্কত আমেৰিকাৰৰ আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। তেওঁ লগতে কয় যে প্ৰযুক্তি আৰু গণতন্ত্ৰৰ...

September 23, 2024 3:04 PM

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত আজি সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত কেইবাখনো দোকান ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

September 23, 2024 2:39 PM

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিব। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে - জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ'বল...

September 23, 2024 2:47 PM

বিশিষ্ট শিশু সাহিত্যিক নূপূৰ মোমাইদেউ ছদ্মনামেৰে শিশু সাহিত্য ৰচনা কৰি অহা ত্রৈলোক্য ভট্টাচার্যক ৰজত বৰুৱা স্মৃতি শিশু সাহিত্য বঁটা প্ৰদান

বিশিষ্ট শিশু সাহিত্যিক নূপূৰ মোমাইদেউ ছদ্মনামেৰে শিশু সাহিত্য ৰচনা কৰি অহা ত্রৈলোক্য ভট্টাচার্যক শিশু আলোচনী চোতালৰ পখিলাৰ তৰফৰ পৰা চলিত বৰ্ষৰ চোতালৰ পখিলা ৰজত বৰুৱা স্মৃতি শিশু সাহিত্য বঁটা প্ৰদান কৰা হৈছে। গুৱাহাটীৰ বিষ্ণু নিৰ্মলা শিশু পুঁথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কালি এই বঁটা প্ৰদান ...

September 23, 2024 1:57 PM

অহা ২৭ ছেপ্তেম্বৰত ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল অহা ২৭ ছেপ্তেম্বৰত আৰম্ভ হ'ব। দ্বিতীয়খন টেষ্টৰ বাবে পূৰ্বৰ দলটোৰ খেলুৱৈৰ কোনো সালসলনি কৰা হোৱা নাই বুলি বাছনি সমিতিয়ে জানিবলৈ দিছে। ২৭ তাৰিখৰ পৰা কানপুৰত অনুষ্ঠিত হ'ব লগা খেলখনতো ভাৰতে আধিপত্য বিস্তাৰ কৰিব পাৰিব বুলি সমিতিয়ে আশা প্ৰকাশ...

September 23, 2024 1:40 PM

৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা দলক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৫ সংখ্যক দবা অলিম্পিয়াডত মুকলি আৰু মহিলা দুয়োটা শাখাতে সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে। তেওঁ খেলুৱৈসকলক তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মোদীয়ে কয় যে এই কৃতিত্বই দেশৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন অধ্য...