September 26, 2024 9:38 PM

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনৰ প্রস্তুতি

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত অহা ২৯ ছেপ্তেম্বৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি চলাইছে। চৰাইদেউ জিলাত এই পৰীক্ষা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত ক...

September 26, 2024 9:37 PM

ৰাষ্ট্ৰজুৰি সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ৯ কোটিৰো অধিক কাৰ্যসূচী ৰূপায়ণ

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ৰাষ্ট্ৰজুৰি ৯ কোটিৰো অধিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুষ্টিহীনতা ৰোধ কৰা আৰু সৰ্বাংগীণ কল্যাণৰ লক্ষ্যৰে এই বাৰ্ষিক অভিযানৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে এক কোটি ৮৮ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে শিশুৰ বিকাশ নিৰীক্ষণৰ লক্ষ্যৰে এক কোটি ৬৮ লাখ আৰু পৰিপূৰক মাতৃ ...

September 26, 2024 9:35 PM

প্রধানমন্ত্ৰীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত...

September 26, 2024 9:31 PM

শাৰদীয় দুর্গা পূজা উদযাপনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰি

কামৰূপ মহানগৰ জিলা প্ৰশাসনে সমাগত শাৰদীয় দুর্গা পূজা সুকলমে উদযাপনৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে পূজা সমিতিসমূহক জনসাধাৰণৰ সুৰক্ষাৰ সৈতে জড়িত এই নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। এই অনুসৰি পূজা মণ্ডপ নিৰ্মাণত বিশেষকৈ বৈদ্যুতিক কাম-কাজৰ ক্ষেত্ৰত অত্যন্ত সাৱধা...

September 26, 2024 9:29 PM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কাৰ্যালয়ত বাতৰি পৰিৱেশক, নাট-বৰগীতৰ শিল্পী গোলাপ শ‍ইকীয়াৰ স্মৃতিচাৰণ

ক'ভিডত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুওৱা আকাশবাণী গুৱাহাটীৰ অংশকালীন বাতৰি পৰিৱেশক, নাট তথা বৰগীতৰ শিল্পী গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু দিৱস উপলক্ষে আজি কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি বিভাগৰ কাৰ্যালয়ত স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ২০২০ চনৰ আজিৰ দিনটোতে ক'ভিডত আক্ৰান্ত হৈ শ‍ইকীয়াৰ দেহাৱসান হৈছিল। আজ...

September 26, 2024 9:27 PM

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসমীয়া ভাষাৰ সাধাৰণ ঘোষণা তথা শিশু আৰু মহিলা শাখাৰ লগতে হিন্দী, নেপালী, কাৰ্বি, বড়ো, চাহ জনগোষ্ঠীৰ অনুষ্ঠান আৰু পাশ্চাত্য সংগীত শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। ২০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবে...

September 26, 2024 9:25 PM

লাডাখৰ ছিয়াচেন বেছ কেম্পৰ হিমবাহত কৰ্তব্যৰত বিষয়া-সেনা জোৱানৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ মতবিনিময়

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লাডাখৰ ছিয়াচেন বেছ কেম্প পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ছিয়াচেন হিমবাহত কর্তব্যত নিয়োজিত বিষয়া আৰু সেনাবাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰতিকূল পৰিৱেশৰ মাজতো প্ৰত্যাহ্বানসমূহ নেওচি দেশৰ সুৰক্ষাৰ বাবে সেনাবাহিনীৰ জোৱানসক...

September 26, 2024 9:20 PM

বিশ্বৰ মানচিত্ৰত ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত পূৰ্বৰ গৌৰৱ অৰ্জন কৰাৰ দিশত আগবাঢ়িছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি কয় যে, বিশ্বৰ মানচিত্ৰত ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত পূৰ্বৰ গৌৰৱ অৰ্জন কৰাৰ দিশত আগবাঢ়িছে। নতুন দিল্লীত আজি ৮৩ সংখ্যক চি এছ আই আৰৰ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে সম্বোধন কৰি শ্ৰী ধনখড়ে কয় যে, অতীতত ভাৰতৰ বৈজ্ঞানিক দিশত থকা প্ৰজ্ঞাই বিশ্বক গৌৰৱান্বিত কৰিছিল। তেওঁ কয়...

September 26, 2024 9:18 PM

পুণেত পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটিং ছিষ্টেম আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়াৰ ভাগত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পুণেত বতৰ আৰু জলবায়ু সম্পৰ্কীয় তিনিটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটিং ছিষ্টেম আৰু এটা উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি কৰে। অনুষ্ঠানত শ্ৰী মোদীয়ে কয় যে, এই নতুন ছুপাৰ কম্পিউটাৰ আৰু এইচ পি চি ছিষ্টেমৰ প্ৰয়োগৰ জৰি...

September 26, 2024 9:16 PM

হাৰিয়ানাত জনসাধাৰণে বিজেপিক পুনৰ সেৱা কৰাৰ সুবিধা প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ জনসাধাৰণে ৰাজ্যখনত পুনৰ বিজেপিক সেৱা কৰাৰ সুবিধা প্ৰদান কৰিব বুলি আশা প্রকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হাৰিয়ানাৰ বিজেপিৰ বুথ কৰ্মকৰ্তাসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰতীয় জনতাপাৰ্টীয়ে ৰাজ্যখনত দুৰ্নীতিমুক্ত সেৱা...