পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ আৰু ইয়াৰ ওপৰত দেশৰ অধিকাৰ আছে : অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ আৰু ইয়াৰ ওপৰত দেশৰ অধিকাৰ আছে। এটা বাতৰি যোগান প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত শ্ৰীশ্বাহে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ কিয়নো সমগ্ৰ কাশ্মীৰক ভাৰতৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছিল। পাকিস্তান অধিকৃত কাশ্মীৰত সূত্ৰপাত হোৱা প্ৰতিবাদ সন্দৰ্ভত শ্ৰীশ্বাহে কয় যে কু-শাসনৰ বাবেই এনে হৈছে। আম আদমী পাৰ্টীৰ মুৰববী অৰবিন্দ কেজৰিৱালে দলে পর্যাপ্ত ভোট লাভ কৰিলে তেওঁ কাৰাগাৰলৈ যোৱাৰ আৱশ্যকতা নাথাকে বুলি কৰা দাবী সম্পর্কীয় এটা প্ৰশ্নৰ উত্তৰত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ এয়া সর্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট অৱমাননা বুলি বিশ্বাস কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।