তৃতীয় পৰ্যায়ত ৫২ গৰাকী প্ৰাৰ্থীৰ বৈধ মনোনয়ন পত্ৰ হোৱাৰ বিপৰীতে ৮ গৰাকী প্ৰাৰ্থীৰ অবৈধ ঘোষণা

অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। এই পৰ্যায়ত চাৰিখন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। ইতিমধ্যে ৫২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হোৱাৰ বিপৰীতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াকে ধৰি ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ অবৈধ ঘোষণা কৰা হৈছে। তৃতীয় পৰ্যায়ত গুৱাহাটী আসনৰ পৰা বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দলটোৰ মিত্ৰজোঁট অসম গণ পৰিষদে বৰপেটা আৰু ধুবুৰী আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বিজেপিৰ মিত্ৰজোঁট ইউ পি পি এলে কোকৰাঝাৰ আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আনহাতে কংগ্ৰেছে চাৰিওখন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে । ৰাজ্যখনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফ, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু চি পি আই এমও প্রার্থী প্ৰক্ষেপ কৰিছে।

 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।