August 2, 2024 8:28 PM

printer

চৰকাৰ দেশৰ খেতিয়কসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰঃ শিৱৰাজ সিং চৌহান

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে চৰকাৰ দেশৰ খেতিয়কসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ কয় যে খেতিয়কসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এইবাৰৰ বাজেটত পর্যাপ্ত ধন আবণ্টন কৰা হৈছে। ৰাজ্যসভাত আজি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ কাম-কাজ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এইবাৰ বাজেটত কৃষি খণ্ডৰ বাবে ১ লাখ ৩২ হাজাৰ কোটিৰো অধিক টকা আবণ্টন দিয়া হৈছে আৰু এই পৰিমাণ ২০১৩-১৪ বৰ্ষৰ তুলনাত ২৭ হাজাৰ কোটি টকাৰো অধিক।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।